মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

ঔষধ নিয়ন্ত্রণৰ বিষয়ে

অসম চৰকাৰ :স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ/strong>

খাদ্য আৰু ঔষধ প্ৰশাসন, অসম

 

- FDA (খাদ্য আৰু ঔষধ প্ৰশাসন) অসম, অসমৰ জন স্বাস্থ্য আৰু গ্রাহক সুৰক্ষাৰ বাবে কাম কৰা সংস্থাবোৰৰ ভিতৰত অন্যতম ৷

- এজন আয়ুক্তৰ নেতৃত্বত FDA, অসমৰ কাম-কাজ চলে ৷ইয়াৰ দিছপুৰ, গুৱাহাটী-৬ স্থিত কাৰ্যালয়ৰ অধীনত ঔষধ নিয়ন্ত্রণকাৰী সংস্থাসমূহ পৰিচালিত হয় ৷

- মূখ্য কাৰ্যালয়ৰ পৰা কৰ্মৰত ঔষধ নিয়ামক বিষয়া,অসম আৰু যুটিয়া ঔষধ নিয়ামক বিষয়া,অসম আৰু ঔষধ পৰিদৰ্শকসকলৰ কাৰ্যালয়ৰ ঠিকনা হ'ল হেঙেৰাবাৰী, গুৱাহাটী-৩৬

- বিভাগৰ তিনিজন উপ ঔষধ নিয়ামক বিষয়াৰ মূখ্য কাৰ্যালয় ক্রমে ডিব্রুগড়, শিলচৰ আৰু কোকৰাঝাৰত আছে৷

- মাণ্ডলিক পৰ্যায়ত বিভাগটোত আঠজন জ্যেষ্ঠ ঔষধ পৰিদৰ্শক আছে ৷ তেওঁলোক কামৰূপ (মেট্র'), নগাঁও, যোৰহাট, ডিব্রুগড়, তেজপুৰ, শিলচৰ , ধুবুৰি আৰু কোকৰাঝাৰৰ জিলা মূখ্য কাৰ্যালয়ত সংস্থাপিত কৰা হৈছে ৷

- ঔষধ পৰিদৰ্শকৰ মুঠ পদৰ সংখ্যা হ'ল ২১(একৈশ) ৷ ৷ তেওঁলোকক কামৰূপ (মেট্র'), কামৰূপ(গ্রাম্য্), নগাঁও, যোৰহাট, শিৱসাগৰ,ডিব্রুগড়,লক্ষীমপুৰ শোণিতপুৰ, ডিফু, শিলচৰ ,কৰিমগঞ্জ,দৰং,নলবাৰী, বৰপেটা, গোৱালপাৰা, ধুবুৰি, কোকৰাঝাৰ,বাক্সা, চিৰাং, ওদালগুৰি জিলাৰ জিলা মূখ্য কাৰ্যালয়ত সংস্থাপিত কৰা হৈছে ৷

 - জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষা, শ্রীবৃদ্ধি তথা উন্নয়নৰ বাবে উচৰ্গিত সুদক্ষ কৰ্মীৰ দ্বাৰা, ঔষধ আৰু প্রসাধন আইন ১৯৪০ আৰু ঔষধ আৰু প্রসাধন নীতি ১৯৪৫ অনুসৰি FDA (খাদ্য আৰু ঔষধ প্ৰশাসন) অসম, পৰিচালিত হয় ৷

দৰ্শণ - অসমত জনস্বাস্থ্যৰ সুৰক্ষা তথা উন্নয়ন

উদ্দেশ্য - ঔষধ, প্রসাধন তথা স্বাস্থ্য সম্পৰ্কীয় সা-সৰঞ্জামৰ মানদণ্ড , সুৰক্ষা আৰু কাৰ্যক্ষমতা সুনিশ্চিত কৰি জনস্বাস্থ্যৰ সুৰক্ষা তথা উন্নয়নৰ বাবে কাম কৰা ৷

কৰ্তৃপক্ষ - সংবিধিবদ্ধ কতৃপক্ষ আৰু ভেওঁলোকৰ কাম:-

আয়ুক্ত :- বিভাগীয় অধ্যক্ষ তথা প্রশাসনিক অধ্যক্ষ

ঔষধ নিয়ামক বিষয়া, গুৱাহাটী,-৩৬, অসম নিয়ন্ত্রণ তথা অনুজ্ঞাপত্র জাৰীকৰণ কৰ্তৃপক্ষ

জ্যেষ্ঠ্য ঔষধ নিয়ামক বিষয়া, (মূখ্য কাৰ্যা লয়), গুৱাহাটী,-৩৬- অনুজ্ঞাপত্র জাৰীকৰণ কৰ্তৃপক্ষ

ডিব্রুগড়, শিলচৰ আৰু কোকৰাঝাৰস্থিত তিনিজন উপ ঔষধ নিয়ামক বিষয়া- ঔষধৰ খুচুৰা বিক্রীৰ অনুজ্ঞাপত্র জাৰীকৰণ কৰ্তৃপক্ষ ৷

ৰাজ্যিক ঔষধ নিয়ন্ত্রণ সংস্থাৰ মূখ্য কাম হ'ল ঔষধ আৰু প্রসাধনৰ নিৰ্মাণ, বিতৰণ আৰু বিক্রীৰ ওপৰত নিয়ন্ত্রণ তথা ঔষধ আৰু প্রসাধনৰ মানদণ্ড বজাই ৰখা ৷

FDA (খাদ্য আৰু ঔষধ প্ৰশাসন) ৰ ভূমিকা - ঔষধ তথা প্রসাধনৰ মানদণ্ড ,সুৰক্ষা আৰু কাৰ্যক্ষমতা সুনিশ্চিত কৰা, জনস্বাস্থ্যৰ সুৰক্ষা তথা উন্নয়নৰ বাবে কাম কৰা তথা এই ঔষধ আৰু প্রসাধন, উচিত মূল্যত গ্রাহকৰ কাষ পোৱোৱা ৷

নিয়ন্ত্রিত ঔষধৰ প্রকাৰ

  1. অত্যাধুনিক (এলোপেথিক)ঔষধ

  2. আয়ুৰ্বেদিক ঔষধ

  3. হোমিওপেথিক ঔষধ

  4. য়ুনানি আৰু সিদ্ধ ঔষধ

  5. ৰক্ত, ৰক্তৰ উপাদান তথা ৰক্ত সম্পৰ্কীয় সা-সৰঞ্জাম

  6. স্বাস্থ্য সম্পৰ্কীয় সা-সৰঞ্জাম

প্রযোজ্য তথা বাস্তবায়িত আইনসমূহ-

  1. ঔষধ আৰু প্রসাধন আইন ১৯৪০ আৰু ঔষধ আৰু প্রসাধন নীতি ১৯৪৫

  2. ঔষধ তথা যাদুকৰী/অবাস্তব চিকিৎসা (আপত্তিজনক বিজ্ঞাপন) আইন ১৯৫৪ আৰু নীতি ১৯৫৫ ৷

  3. নেক্র'টিক ঔষধ আৰু ছাইক'ট্র'পিক চাবটেন্স আইন ১৯৮৫৷

  4. ঔষধৰ মূল্য নিয়ন্ত্রণ আদেশ ২০১৩৷