মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

HACCP [সংকট বিশ্লেষণ আৰু সংকটকালীন নিয়ন্ত্ৰণ বিন্দু]

  • খাদ্য সুৰক্ষা ব্য‌ৱস্থাপনা প্ৰণালী -HACCP

    HACCPক কোডক্সে এটা প্ৰণালী হিচাপে সংজ্ঞাবদ্ধ কৰিছে যিয়ে খাদ্য সুৰক্ষাৰ বাবে বিশেষভা‌ৱে তাৎপৰ্যপূৰ্ণ সংকটসমূহক চিনাক্তকৰণ কৰে, মূল্যায়ন কৰে আৰু নিয়ন্ত্ৰিত কৰে । বহুল অৰ্থত ই হৈছে খাদ্য সুৰক্ষাৰ এটা বিজ্ঞানসন্মত আৰু যুক্তিসংগত দৃষ্টিভংগী যিয়ে এটা খাদ্য প্ৰক্ৰিয়াত হ'বপৰা সংকটৰ বিশ্লেষণ কৰে, সংকটকালিন নিয়ন্ত্ৰণ বিন্দু চিনাক্ত কৰে আৰু চিনাক্ত হো‌ৱা সংকটসমূহ উপযুক্তভা‌ৱে নিয়ন্ত্ৰিত হৈছে নে নাই সেয়া চোত‌ৱাচিতা কৰা প্ৰক্ৰিয়াৰ সৃষ্টি কৰে । সম্পদসমূহৰ অধিক উন্নত ব্য‌ৱহাৰ আৰু সমস্যাসমূহৰ নিয়মিত সমাধানসূত্ৰ আগবঢ়ো‌ৱাৰ উপৰিও ই খাদ্য সুৰক্ষাক সমৃদ্ধিশালী কৰে। HACCP য়ে সম্পদ-প্ৰাধান্য উৎপাদনসমূহৰ পৰিদৰ্শন আৰু পৰীক্ষাৰপৰা খাদ্য উৎপাদনৰ সকলো স্তৰতে হ'বপৰা সাসংকটসমূহৰ সা‌ৱধানমূলক নিয়ন্ত্ৰণসমূহলৈ গুৰুত্বৰ সালসলনিৰ এটা সংকেত দিছে । এইটো হৈছে কাৰণ যাৰ বাবে বিশ্বৰ ভিন্ন খাদ্য উদ্যোগ তথা চৰকাৰী এজেন্সীসমূহে খাদ্যৰপৰা উৎপন্ন চিনাক্ত কৰিবপৰা জৈ‌ৱিক, ৰাসায়নিক আৰু পাৰ্থি‌ৱ সংকটসমূহ কমাবৰ বাবে HACCP প্ৰণালীক বিশ্বজনীনভা‌ৱে আদৰি লৈছে । এইটো হৈছে এটা প্ৰণালী যিয়ে প্ৰচেচিঙৰ ভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰক লক্ষ্য হিচাপে লয় আৰু যাৰদ্বাৰা অসুৰক্ষিত সামগ্ৰীৰ উৎপাদন তথা বিক্ৰীৰ শংকা দূৰ কৰে ।

    HACCP আঁচনিৰ মুখ্য উদ্দেশ্য হৈছে ভৰসা কৰিবপৰাকৈ এটা সুৰক্ষিত খাদ্য প্ৰস্তুত কৰা । ইয়াৰ অৰ্থ হৈছে এনে এটা উৎপন্ন সামগ্ৰী যি মাইক্ৰোবায়োলজিকেল(অনুজৈ‌ৱিক), ৰাসায়নিক বা পাৰ্থিক সংকটৰপৰা মুক্ত । উদ্যোগসমূহ সাধাৰণতে অতি সহজাতভা‌ৱে ভিন্ন অনুজৈ‌ৱিক, ৰাসায়নিক আৰু পাৰ্থি‌ৱ সংকটৰ প্ৰতি পৰিচিত আৰু এওঁলোকে সাধাৰণতে এনে সাধাৰণ সংকটসমূহৰপৰা বাচি থাকিবলৈ বিচাৰে । অনুজৈ‌ৱিক আৰু ৰাসায়নিক কাৰণত হ'বপৰা বা গ্লাছ, ‌তাঁৰ আৰু অন্য বিপদজনক বস্তুৰ ফলত হ'ব পৰা খাদ্য বিষাক্তকৰণৰ বিষয়ত পৰিচয় আৰু জ্ঞান থকা স্বত্ত্বেও সিহঁতৰ নিয়ন্ত্ৰণ বহুতো কষ্টসাধ্য হয় আৰু মাজে-সময়ে সিহঁত উপভোক্তা সুৰক্ষাৰ ক্ষেত্ৰত হেঙাৰস্বৰূপ হৈ পৰে। সেয়েহে সাধাৰণ অনুজৈ‌ৱিক, ৰাসায়নিক আৰু পাৰ্থি‌ৱ সংকটসমূহ যিবোৰে খাদ্যত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে , তেনে সংকটসমূহৰ বিষয়ে প্ৰযুক্তিগত প্ৰশিক্ষণ লো‌ৱাটো প্ৰয়োজনীয় ।

    মুখ্য উৎপাদনৰপৰা চূড়ান্ত উৎপাদনলৈ খাদ্য শিকলিৰ সকলো স্তৰতে HACCP ক প্ৰয়োগ কৰিব পাৰি (ছ‌ৱি নং-২ চাওঁক) । ইয়াৰ ৰূপায়নক খাদ্য সুৰক্ষা বৰ্ধনৰ বাবে মান‌ৱ স্বাস্থ্যৰ প্ৰতি হ'ব পৰা সংশয়সমূহৰ বিজ্ঞানসন্মত প্ৰমাণেৰে আগু‌ৱাব লাগে । ইয়াৰ ওপৰিও, HACCP পদ্ধতিৰ প্ৰয়োগে সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা অনুসন্ধানৰ সহায়তা কৰিব পাৰে আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত ভৰসা অধিক বঢ়াই আন্ত:ৰাষ্ট্ৰীয় বেপাৰ বৃদ্ধিৰ উত্তৰণ ঘটাব পাৰি।

    ৯৫ দ্য কোডেক্স এলিমেন্টাৰাছ কমিছনে খাদ্য সুৰক্ষা ব্য‌ৱস্থা প্ৰণালী( HACCP )ৰ বিষয়ত ১৯৯৭ চনত এটা আন্তৰাষ্ট্ৰীয় মান নিৰ্ধাৰণ কৰিছিল । খাদ্য উদ্যোগটো‌ৱে তেওঁলোকৰ কাম-কাজত ব্য‌ৱহাৰ কৰি আৰু মানপত্ৰ লাভ কৰিবৰ বাবে এনে এটা মানৰ কাৰণে দৰাচলতে অপেক্ষাৰত হৈ আছিল । যিহেতু ই এটা আৱবশ্যম্ভাম্বী মান নাছিল, যথেষ্ট দেশ আৰু অঞ্চলে নিজৰ নিজৰ মান HACCP ৰ ওপৰতে নিৰ্ভৰ কৰি সুৰক্ষিত খাদ্য যোগানৰ বাবে নিজে নিৰ্ধাৰণ কৰি লৈছিল । গতিকে এনেকৈয়ে কোডেক্সে গঠন কৰা এটা মডেলেই খাদ্য সুৰক্ষাৰ ভিন্ন স্তৰত ভিন্ন পৰিসৰেৰে ২০টাকৈ মডেল হৈ পৰিছিল ।

    আন্তৰাষ্ট্ৰীয় মান অনুষ্ঠান দৃশ্যপটত আ‌‌বিৰ্ভা‌ৱ হয় আৰু ISO 22000:2005 খাদ্য সুৰক্ষা ব্য‌ৱস্থা প্ৰণালীৰ সূচনা কৰে ,যি হৈ পৰে খাদ্য শিকলিত জড়িত যিকোনো অনুষ্ঠানৰে বাবে অপৰিহাৰ্য । এই মান খাদ্য উদ্যোগৰ বিশেষজ্ঞসকলে বিশিষ্ট আন্তৰাষ্ট্ৰীয় অনুষ্ঠানৰ প্ৰতিনিধিৰ সতে আৰু কোডেক্স এলিমেন্টাৰাছ কমিছনৰ ঘনিষ্ঠ সহযোগিতাত নিৰ্ধাৰণ কৰে ।

    এই আন্তৰষ্ট্ৰীয় মানৰ উদ্দেশ্য হৈছে খাদ্য সুৰক্ষা ব্য‌ৱস্থাপনাৰ এই প্ৰয়োজনীয়তাক খাদ্য শিকলিৰ ভিতৰতে সমন্বয় প্ৰদান কৰা । বিশেষকৈ ই অনুষ্ঠানসমূহৰ এনে ব্য‌ৱহাৰৰ বাবে সজো‌ৱা হৈছে যি সাধাৰণতে আইনী নীতি-নিয়মৰ এক প্ৰয়োজন হয় । ইয় এটি অনুষ্ঠানে খাদ্য সুৰক্ষাৰ বাবে নিৰ্ধাৰিত বাধ্যতামূলক আৰু নীতিমূলক প্ৰয়োজনীয়তাসমূহ মানি চলাটোৰ বাধ্যবাধকতা কৰে ।