মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

স্বাস্থ্যসন্মত খাদ্যৰ বাবে টিপছ্

  • খাদ্য সুৰক্ষাৰ প্ৰাথমিক কথা

    খাদ্য সুৰক্ষা এটা বিজ্ঞানসন্মত শিতান যিয়ে খাদ্যৰপৰা উৎপন্ন বেমাৰৰ পৰা বচাই খাদ্যৰ প্ৰস্তুতি, চো‌ৱাচিতা আৰু জমা কৰি ৰখা আদি সঠিকভা‌ৱে কৰি বেমাৰ কমায় । ইয়ে বিশেষভা‌ৱে জৰুৰী স্বাস্থ্য সংকটৰ বাবে কিছু নীতি-নিয়মকো সামৰি লয়। এইদৰেই খাদ্য-সুৰক্ষাই প্ৰায়ে খাদ্য প্ৰতিৰক্ষাৰ সতে অনুৰূপ হৈ পৰে যাৰ দ্বাৰা উপভোক্তাৰ স্বাস্থ্য ঠিকে থাকে । এই ধাৰণাৰ অন্তৰ্গত কথাটি হৈছে উদ্যোগ আৰু বজাৰৰ মাজত সুৰক্ষা আৰু লগতে বজাৰ আৰু উপভোক্তাৰ মাজতৰ সুৰক্ষা । উদ্যোগৰপৰা বজাৰৰ অনুশীলনসমূহৰ ৰেহৰূপ চাই ক'ব পাৰি , খাদ্য সুৰক্ষাৰ বাবে খাদ্য লেবেলিং, খাদ্যৰ নিৰাময়, খাদ্যৰ এডিটিভ আৰু ৰেচিদিউ, ইয়াৰ লগতে জৈ‌ৱপ্ৰযুক্তিৰ পলিচিসমূহ , খাদ্যৰ আমদানি ৰপ্তানিৰ ক্ষেত্ৰত চৰকাৰী নীতি-নিৰ্দেশনা , খাদ্যৰ প্ৰমাণপত্ৰ দিয়া প্ৰণালী আদিও অন্তৰ্নিহিত হৈ আছে । বজাৰৰপৰা উপভোক্তাৰ অনুশীলন লক্ষ্য কৰি সাধাৰণ ধাৰণাটো হৈছে খাদ্য বজাৰত সাধাৰণতে সুৰক্ষিত হয় আৰু গতিকে গুৰুত্ব পাবলগীয়া বস্তুটো হৈছে সুৰক্ষিত খাদ্য প্ৰদান আৰু উপভোক্তাৰ বাবে খাদ্য প্ৰস্তুত কৰাটো ।

    খাদ্যই বেমাৰ ইজনৰপৰা সিজনলৈ বিয়পাব পাৰে । তাৰোপৰি খাদ্যত বেক্টেৰিয়াই বাঁহ ল'ব পাৰে যিয়ে খাদ্যত বিষক্ৰিয়া কৰিব পাৰে । উন্নত দেশসমূহে খাদ্যৰ প্ৰস্তুতিৰ বাবেও মান্যতা আৰু অনুন্নত ৰাষ্ট্ৰৰ বাবে মূল সমস্যাটো হৈছে যথেষ্ট পৰিমাণৰ পানীৰ অভা‌ৱ । সুত্ৰমতে, খাদ্যাত বিষক্ৰীয়া হো‌ৱাৰ ১০০ শতাংশ কাৰণেই বাধা দিবপৰা বিধৰ । খাদ্য পৰিচ্ছন্নতাৰ পাঁচটা মূল নীতি হ'ল:

    • মানুহ, জী‌ৱজন্তু আদিৰপৰা বিজানু সোঁচৰা বন্ধ কৰক ।
    • ৰন্ধা খাদ্য আৰু কেঁচা খাদ্য সদায় বেলেগে বেলেগে ৰাখিব লাগে যাতে ৰন্ধা খাদ্য কলুষিত নহয় ।
    • খাদ্য সদায় প্ৰয়োজনীয় সময়ৰ বাবেহে ৰান্ধিব আৰু সদায় জোখৰ উষ্ণতাত গৰম কৰিব যাতে বিজাণুবোৰ মৰি যায় ।
    • খাদ্য সদায় জোখৰ উষ্ণতাত ৰাখিব ।
    • সুৰক্ষিত পানী আৰু সুৰক্ষিত কেঁচা মাল ব্য‌ৱহাৰ কৰক ।
    Downloads
    স্বাস্থ্যসন্মত খাদ্যৰ বাবে টিপছ্
    TitleSizeDetail
    ধাৰণা টোকা FSDB ০১-০৯-২০১৬478.9 KBswf-image