মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

GAP [শুভ কৃষি অনুশীলনী]

  • শুভ কৃষি অনুশীলনী (GAP)হৈছে কিছুমান নিৰ্দিষ্ট পদ্ধতি যিবোৰ যেতিয়া কৃষিকৰ্মত ব্য‌ৱহাৰ কৰা হয় , তেতিয়া উপভোক্তাৰ বাবে খাদ্য প্ৰস্তুত হয় বা খাদ্যসামগ্ৰীৰ সুৰক্ষিত আৰু সামগ্ৰিক অন্য পৰিশোধনৰ বাবে ব্য‌ৱহৃত হয় । শুভ কৃষি অনুশীলনী কি কি পদ্ধতিৰে গঠিত হয় সেই বিষয়ে বহুতো সংজ্ঞা পো‌ৱা যায় যদিও কিছুমান আঁচনি অতি বহুলভা‌ৱে গ্ৰহণযোগ্য হৈ পৰিছে যিবোৰ উৎপাদকসকলে মানি চলিব পাৰে ।

    মাটি

    অধিক তথ্য: কমপোষ্ট, মাল্‌স, ৰোপিত মাটি, জৈ‌ৱিক সাৰ আৰু মাটিৰদ্বাৰা বিয়পো‌ৱা বেমাৰসমূহ

    • ঘনকৈ গছ ৰুই বতাহ আৰু পানীৰ দ্বাৰা হো‌ৱা মাটিৰ খহনীয়া ৰোধ কৰা ।
    • সঠিক সময়ত আৰু সঠিক পৰিমাণত সাৰৰ প্ৰয়োগ (অৰ্থাৎ যেতিয়া গছজোপাক সাৰৰ প্ৰয়োজন হয় ) যাতে গছজো‌পা উভালি নপৰে বা মৰি নাযায় (নাইট্ৰোজেন ভাৰসাম্য পদ্ধতি চাওঁক )
    • গো‌ৱৰৰ ব্য‌ৱহাৰেৰে মাটিৰ জৈ‌ৱিক উপাদানসমূহ ধৰি ৰখা বা বিনষ্ট হ'বলৈ নিদিয়া , ঘাঁহনিৰ ব্য‌ৱহাৰ কৰা, খেতিৰ পৰি‌ৱৰ্তন পদ্ধিত ব্য‌ৱহাৰ কৰা ।
    • মাটি কোঁচখো‌ৱা বিষয়সমূহ লাঘ‌ৱ কৰি (গধুৰ যান্ত্ৰিক ব্য‌ৱস্থাপনাৰ পৰিহাৰ কৰি)
    • যথেষ্ট মাটি চহো‌ৱা কাৰ্য সীমিত কৰি মাটিৰ গাঁঠনি চো‌ৱা-চিতা কৰা ( মাটিৰ FAO : GAP : FAO GAP নীতি)
    • মাহ জাতীয় খেতি যেনে দাংবডি, বীন , হৰ্চ গ্ৰাম, চান হেম্প আদি কৰি সেউজীয়া সাৰৰ যোগান ধৰা ।
     

    পানী

    • খালেৰে যাতে পানী বাগৰি গৈ পানীৰ পৰিমাণ কমি যাব নো‌ৱাৰে সেয়ে মাটিত থকা পানীৰ পৰিমাণ নিৰীক্ষণ কৰি , গছৰ চো‌ৱাচিতা কৰি নিৰ্ধাৰিত জলসিঞ্চনৰ অনুশীলন কৰা উচিত ।
    • মাটিত থকা ল‌ৱণৰ পৰিমাণ বাঢ়ি যো‌ৱাৰ পৰা ৰক্ষা কৰিব লাগে যাৰ বাবে পানীৰ পৰিমাণ সীমিত কৰিব লাগে আৰু পানীবোৰ যদি সম্ভ‌ৱ সালসলনি কৰিব লাগে, ।
    • পানী কম থকা ঠাইত তেনে খেতি কৰিব নালাগে যিবোৰক বেছি পানীৰ প্যৰয়োজন হয় ।
    • খালেৰে পানী গুছি যো‌ৱা আৰু সাৰ গুছি যো‌ৱাটো বনধ কৰিব লাগে ।
    • স্থায়ীভা‌ৱে মাটিৰ ওপৰত ৰক্ষাকবচ হিচাপে ঢাকনি বা চালি দিব লাগে , বিশেষকৈ শীতকালি যাতে নাইট্ৰোজেন হেৰাই নাযায় ।
    • বেছি মাত্ৰাৰে পানী ওলাই যো‌ৱাটো সীমিত কৰি পানীৰ স্তৰ চো‌ৱাচিতা কৰিব লাগে ।
    • পানী থকা ঠাই বা জলাহ সঞ্চয় কৰি ৰাখিব লাগে । (মাৰ্শ্বলেণ্ডছ চাওঁক )
    • বৰ্তমানৰ চলিত খেতিৰ বাবে সুন্দৰ পানীৰ ব্য‌ৱস্থা কৰা । (FAO : GAP : FAO GAP নীতি :জল)
    • সংৰক্ষণ কৰিব পৰা গাঁত খান্দি বা হেলনীয়াত খা‌ৱৈ বান্ধি পানীৰ সংৰক্ষণ কৰা ।
     

    জীা‌ৱ-জন্তু উৎপাদন, স্বাস্থ্য আৰু কল্যাণ

    • জী‌ৱজন্তুৰ সুস্থ্য জী‌ৱনশৈলীৰ সন্মান কৰা (ক্ষুধা আৰু পিয়াহৰ পৰা মুক্তি, অসুবিধাৰপৰা মুক্তি, বিষ, জখম বা বেমাৰৰ পৰা মুক্তি, স্বাভা‌ৱিক আচৰণৰ বাবে মুক্তি, ভয় বা সংশয়ৰ পৰা মুক্তি )
    • চিকিৎসাজনিত কটা-ছিঙা, শল্য-বিভাগীয় কাম-কাজ যেনে নেজ কটা, শিং কটা আদি কৰিব নালাগে ।
    • প্ৰাকৃতিক দৃশ্য, পৰি‌ৱেশ আৰু জী‌ৱনলৈ ঋণাত্মক প্ৰভা‌ৱ পেলো‌ৱা কাম কাজ বন্ধ কৰিব লাগে : ঘাঁহনিৰ বাবে মাটি, খাদ্য , পানী বা বায়ু প্ৰদুষিত কৰা।
    • ভঁৰাল আৰু তন্ত্ৰ নিৰীক্ষণ কৰা , পদ্ধতিগত প্ৰণালীৰ চো‌ৱাচিতা কৰা ।
    • কেমিকেল আৰু মেডিকেলৰ বৰ্জনীয় দ্ৰব্য খাদ্যচক্ৰত সোদমাৱাৰ পৰা বচো‌ৱা ।
    • এন্টিবায়টিক অথবা হৰমোন ডাক্তৰি পৰামৰ্শ অবিহনে ব্য‌ৱহাৰ কৰা কৰা অনুচিত।
    • জী‌ৱজন্তুৰ বৰ্জনীয় বা অন্য সামগ্ৰী জী‌ৱজন্তুক খুওৱাঅৰপৰা বিৰত থাকক । (অলিয়েণ ভাইৰেল বা সংকৰ জিন বা পগলা গৰুৰ বিকাৰৰ পৰা বাচিবৰ বাবে)
    • জী‌ৱন্ত জী‌ৱজন্তুৰ যাতায়ত কম কৰা উচিত (খোজ কঢ়াই, ৰেলেৰে বা পথেৰে)(ভৰি বা মুখৰ বেমাৰৰ পৰা বাচিবৰ বাবে)
    • বৰ্জনীয় দ্ৰব্যৰ বাগৰি গুছি যো‌ৱা ( উদাহৰণস্বৰূপে, গাহৰিৰ পৰা পানীলৈ বিয়পা), পুষ্টি বিনষ্টকৰণ আৰু গ্ৰীণহাউচ গেছ নিৰ্গমণ (গৰুৰ পৰা মিথেন)ৰ প্ৰতিকাৰ কৰিব লাগে ।
    • সা-সামগ্ৰীৰ হিচাপ-নিকাচ কৰোতে প্ৰামাণিত সুৰক্ষা ব্য‌ৱস্থাৰ ব্য‌ৱহাৰ কৰিব লাগে ।
    • উপভোক্তাৰ সুৰক্ষা আৰু খাদ্য সংকট(উদাহৰণ: ডায়ক্সিন)ৰ সময়ত মতামতৰ সম্ভা‌ৱনীয়তাৰ কথা ভা‌ৱি সমগ্ৰ উৎপাদন চক্ৰটোত(প্ৰজনন, খুওৱাৰ, চিকিৎসা সে‌ৱা ইত্যাদি) অনুসন্ধান-সম্ভ‌ৱ পদ্ধতি মানি চলিব লাগে । FAO : GAP : FAO GAP নীতি : জী‌ৱজন্তুৰ স্বাস্থ্য আৰু কল্যাণ