মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

আমাৰ ইতিহাস

  • অসমৰ খাদ্য সুৰক্ষা আয়োগালয়ৰ ইতিহাস

    ভেজাল খাদ্য নিবাৰণী আইন ১৯৫৪ আৰু নীতি ১৯৫৫ য়েই হৈছে অসমত খাদ্য সুৰক্ষাৰ বাটকটীয়া ৷ ওপৰোক্ত আইনখন পুনৰাই লাগু হোৱাৰ লগতে ২০১১চনৰ ৫ আগষ্টৰ পৰা খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন ২০০৬ কাৰ্যকৰী হ'বৰে পৰা ৰাজ্যখনৰ খাদ্য সুৰক্ষাৰ ব্যৱস্থাটোৱে, খাদ্য সুৰক্ষা আয়োগালয়ৰ অধীনত কাম কৰি আছে ৷

    খাদ্য সুৰক্ষা সম্পৰ্কীয় প্রশাসনিক সিদ্ধান্তৰ ক্ষেত্রত খাদ্য সুৰক্ষা আয়োগালয়েই হৈছে অসমৰ সৰ্ব্বোচ্ছ সংস্থা৷ আইনে নিৰ্ধাৰণ কৰি দিয়া ধৰণে,ৰাজ্যখনত খাদ্য সুৰক্ষা তথা ইয়াৰ মানদণ্ডৰ লগতে আনুস্ংগিক প্রয়োজনীয়তাসমূহ বজাই ৰখাটোৱে ইয়াৰ মূখ্য দায়িত্ব ৷

    খাদ্য সুৰক্ষা আয়োগালয় মূলতঃদুটা ভাগত বিভক্ত-বলবৎকাৰী আৰু পৰীক্ষাগাৰ ৷প্রত্যেক জিলাৰে বলবৎকাৰী বিভাগৰ দায়িত্বত এজন মনোনীত বিষয়া থকাৰ লগতে একোজনকৈ জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়া আৰু খাদ্য সুৰক্ষা বিষয়া থাকে ৷মনোনীত বিষয়াজনেই জিলাখনৰ খাদ্য সুৰক্ষা প্রশাসনৰ মূৰব্বী ৷এই বলবৎকাৰী বিভাগেই জিলাখনত আইনৰ বিভিন্ন দফা যেনে খাদ্যৰ সৈতে জড়িত ব্যৱসায়ৰ পৰীক্ষণ, পৰীক্ষাগাৰত বিশ্লেষণৰ বাবে খাদ্যৰ নমুনা সংগ্রহ, অনুজ্ঞাত্র জাৰী, খাদ্যৰ সৈতে জড়িত ব্যৱসায়ীৰ পঞ্জীকৰণ ইত্যাদি বলবৎ কৰে ৷

    গুৱাহাটী(২১)ৰ বামুণীমৈদামস্থিত ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰটোৱেই হৈছে খাদ্য সুৰক্ষা আৰু মানদণ্ড আইনৰ নিৰ্দেশনা অনুসৰি খাদ্য পৰীক্ষা কৰা ৰাজ্যখনৰ একমাত্র পৰীক্ষাগাৰ৷ অসম চৰকাৰৰ দ্বাৰা নিয়োজিত খাদ্য বিশ্লেষক এই পৰীক্ষাগাৰৰ মূৰব্বী৷এই পৰীক্ষাগাৰত আইনৰ নিৰ্দেষণা অনুসৰি খাদ্য সুৰক্ষা বিষয়াই সংগ্রহ কৰি অনা খাদ্যৰ নমুনা বিশ্লেষণ কৰা হয়৷ সম্প্রতি এই পৰীক্ষাগাৰটোৱে সমগ্র উত্তৰ পূৰ্ৱাঞ্চললৈ সেৱা আগবঢ়াই আছে ৷এনেকি অসম চৰকাৰৰ খাদ্য বিশ্লেষকজনক, অৰুণাচল প্রদেশ,মেঘালয়,চিকিম আৰু মিজোৰামৰো খাদ্য বিশ্লেষকৰ দায়িত্বত ৰখা হৈছে৷ স্বাধীনতাৰ পূৰ্বেই স্থাপিত হোৱা এই পৰীক্ষাগাৰটো দেশৰ ভিতৰতে পুৰণি পৰীক্ষাগাৰসমূহৰ এটা বুলি পৰিগণিত হোৱাৰ লগতে দেশৰ অন্যতম ঐতিহ্যময় পৰীক্ষাগাৰ বুলিও চিহ্নিত হৈছে৷

    অসমত ঔষধ নিয়ন্ত্রকৰ ইতিহাস

    ১৯৪৭ চনৰ ১ এপ্রিল তাৰিখে তেতিয়াৰ অসম ৰাজ্যৰ বাবে ঔষধ পৰিদৰ্শকৰ নিযুক্তিয়েই অসমত ঔষধ আৰু প্রসাধন আইনৰ আৰম্ভনি ৷ ইয়াৰ পাছত ১৯৫০ চনত সহকাৰী ঔষধ পৰিদৰ্শকৰ পদ সৃষ্টি কৰা হয় ৷ ১৯৬৫ চনলৈকে এই দুজন কৰ্মীৰ দ্বাৰাই সংস্থাটোৱে কাম কৰি আছিল ৷ পাচলৈ চৰকাৰে ঔষধ নিয়ন্ত্রক/ যুতিয়া ঔষধ নিয়ন্ত্রক/ উপ ঔষধ নিয়ন্ত্রক/ জ্যেষ্ঠ ঔষধ পৰিদৰ্শক আদি পদ সৃষ্টি কৰে আৰু এনেকৈ স্বাস্থ্য সঞ্চালকালয়ৰ অধীনত ঔষধ পৰিদৰ্শকৰ সৰ্বমুঠ পদৰ সংখ্যা ২১[একৈশ] হয়গৈ ৷ সম্প্রতি চৰকাৰে খাদ্য আৰু ঔষধ আয়োগালয়ৰ পৃথককিকৰণৰ দ্বাৰা ,আৰু অধিক কৰ্মী নিয়োগ কৰি, বিভাগটোক পূৰ্ণা্ংগ ৰূপ দিয়াৰ সিদ্ধান্ত লৈছে, যাতে ঔষধ আৰু প্রসাধন আইন ১৯৪০ আৰু নীতি ১৯৪৫ তথা অন্যান্য আইন যেনে নেক্র'টিক ঔষধ আৰু ছাইক'ট্র'পিক চাবটেন্স আইন ১৯৮৫, ঔষধৰ মূল্য নিয়ন্ত্রণ আদেশ ২০১৩ ইত্যাদিৰ সফল ৰূপায়ন সম্ভৱ হয় ৷

    সেইমৰ্মে চৰকাৰে প্রস্তাবিত খাদ্য সুৰক্ষা আয়োগালয়,অসম আৰু পূৰ্বৰ ঔষধ নিয়ন্ত্রক, অসমক চৰকাৰী জাননী নং HLA.৩8৪/২০ ১৪/Pt/৭০ dated ২৯-০ ৪-২০ ১৬ ৰ দ্বাৰা একত্রিত কৰি খাদ্য আৰু ঔষধ আয়োগালয় গঠন কৰে ৷

    সংবিধিকাৰ্য
    ঔষধ আৰু প্রসাধন আইন ১৯৪০, ঔষধ আৰু প্রসাধন নীতি ১৯৪৫ (চতুৰ্থ সংশোধনী ২০১৫)ঔষধ আৰু প্রসাধনৰ আমদানি, নিৰ্মাণ, বিতৰণ আৰু বিক্রী নিয়ন্ত্রণ কৰে৷
    ঔষধৰ মূল্য নিয়ন্ত্রণ আদেশ (ঔষধৰ মূল্য নিয়ন্ত্রণ সংশোধনী আদেশ ২০১৬)জৰুৰী দৰৱৰ মূল্য নিৰ্ধাৰণ কৰে ৷ অত্যাৱশ্যকীয় সামগ্রী আইন ১৯৫৫ ৰ ৩ নং দফা অনসৰি প্ৰশাসন (NPPA) সময়ে সময়ে জাৰি কৰে ৷
    যাদুকৰী/অবাস্তব চিকিৎসা (আপত্তিজনক বিজ্ঞাপন) আইন ১৯৫৪ আৰু নীতি ১৯৫৫ ৷যাদুকৰী/অবাস্তব চিকিৎসাৰ লোভ দেখুওৱা বিজ্ঞাপনৰ নাকী লগায় আৰু ইয়াক বিচাৰ্য অপৰাধ বুলি অভিহিত কৰে ৷
    নেক্র'টিক ঔষধ আৰু ছাইক'ট্র'পিক চাবটেন্স আইন ১৯৮৫৷নেক্র'টিক ঔষধ ৰ সৈতে জড়িত আইন সুদৃঢ় কৰে আৰু নেক্র'টিক ঔষধ আৰু ছাইক'ট্র'পিক চাবটেন্স আইন ১৯৮৫ ৰ কাৰ্য- কলাপ নিয়ন্ত্রণ কৰে ৷

    ঔষধ নিয়ন্ত্রণ প্রশাসনৰ কামৰ পৰিধিৰ ভিতৰত অন্যতম হ'ল ঔষধ আৰু প্রসাধন আইন ১৯৪০ আৰু ইয়াৰ অন্তৰ্গত নীতিবোৰ নিম্নোক্ত সামগ্রীৰ ক্ষেত্রত বলবৎ কৰা:

    1. অত্যাধুনিক (এলোপেথিক)ঔষধ
    2. প্রসাধন
    3. ব্লাড বেংক/ ব্লাড ষ্ট'ৰেজ/ ব্লাড ক'ম্পোনেন্ট চেপাৰেট ইউনিট

    ঔষধ নিয়ন্ত্রণ প্রশাসনে নিম্ন মানদণ্ডৰ, আপত্তিজনক তথা ভুৱা ঔষধৰ প্রস্তুতি,বেপাৰ, বিতৰণ আৰু বিস্তাৰ নিয়ন্ত্রণ কৰে ৷ তিনিটা উপায়েৰে এই লক্ষত উপনীত হ'ব পাৰি- ক. অনুজ্ঞা পত্র খ. নীৰিক্ষণ গ. নমুনাৰ বিশ্লেষণ

    নিয়ন্ত্রণক্ষমতা কাৰ হাতত থাকে?
    বিক্রীৰাজ্য চৰকাৰে অনুজ্ঞা পত্র দিয়া কতৃপক্ষক নিয়োগ কৰে ৷ সম্প্রতি অসমত ঔষধ নিয়ন্ত্রকে খুচুৰা আৰু পাইকাৰী দুয়োবিধ অনুজ্ঞা পত্র দিয়ে ৷ যুতীয়া আৰু উপ ঔষধ নিয়ন্ত্রকে কেবল খুচুৰা অনুজ্ঞা পত্রহে দিব পাৰে ৷
    নীৰিক্ষণঔষধ আৰু প্রসাধন আইন ১৯৪০ ৰ ২২ নং দফা তথা নেক্র'টিক ঔষধ আৰু ছাইক'ট্র'পিক চাবটেন্স আইন ১৯৮৫ ৰ ৪২ নং দফা অনুসৰি ঔষধ পৰিদৰ্শকৰ ওচৰত এন্ট্রি, তদন্ত, জব্দ, নথি- পত্রৰ বিচাৰ আৰু নমুনা সংগ্রহৰ ক্ষমতা থাকে ৷
    বিশ্লেষণস্বীকৃতিপ্রাপ্ত পৰীক্ষণ পৰীক্ষাগাৰত চৰকাৰী বিশ্লেষকেহে বিশ্লেষণ কৰিব পাৰে ৷ ঔষধ আৰু প্রসাধন নীতি ১৯৪৫ৰ পঞ্চম খণ্ডৰ ৪৪-৪৮ নং নীতিত প্রয়োজনবোৰ উল্লেখ আছে ৷