মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

খাদ্য ব্য‌ৱসায়ৰ বাবে নিৰাময় আৰু স্বাস্থ্যসন্মত প্ৰয়োজনীয়তা

  • যি স্থাপত্যত খাদ্যৰ চো‌ৱা-চিতা, প্ৰণালীবদ্ধ কৰণ, উৎপাদন কৰায় , জমা থো‌ৱা হয়, খাদ্য কৰ্মীৰ যোগেদি খাদ্য বিতৰণ কৰা হয়, তেনে স্থাপত্যত তলৰ অৰ্হতাসমূহ পৰিপূৰ্ণ হ'ব লাগিব:

    1. চৌহদটো এটা স্বাস্থ্যসন্মত নিৰাময় ঠাইত স্তাপিত হ'ব লাগিব আৰু দুষিত চৌপাষৰপৰা আঁতৰি থাকিব লাগিব ।
    2. খাদ্য উৎপাদন কৰা চৌহদ উৎপাদনৰ বাবে যথেষ্ট ঠাই থকা উচিত । ইয়াৰ ওপৰিও উচিত গুদাম থকাটো দৰকাৰী ।
    3. চৌহদটো চাফা, উপযুক্ত পোহৰ থকা আৰু বতাহ সোমাব বা ওলাব পৰা আৰু যথেষ্ট মুকলি ঠাই থাকিব পৰা হ'ব লাগিব ।
    4. মজিয়া, চিলিং আৰু ‌ৱালবোৰ এটা ভাল অৱাস্থাত ৰাখিব লাগিব । সেইবোৰ মিহি আৰু চাফাকৰিবলৈ সহজ ধৰণৰ হ'ব লাগিব ।
    5. মজিয়া আৰু তলৰ দে‌ৱালসমূহ এটা কামত অহা মহ-মাখি মৰা তেলজাতীয় দৰ‌ৱেৰে ধুব লাগিব, যিয়ে চৌহদটো পোক-পতংগৰপৰা বচাই ৰাখিব ।
    6. ধৰি ৰাখিবপৰা বিধৰ পানীৰ যোগান অবিৰতভা‌ৱে চৌহদটোত থকা উচিত ।পানীৰ যোগানৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ থ'বৰ বাবে যতন ৰখা উচিত যাতে খাদ্য চাফা কৰাত অসুবিধা নহয় ।
    7. ব্য‌ৱহাৰ কৰা সা-সামগ্ৰী আৰু মেচিনেৰীসমূহ এনে ডিজাইনৰ হ'ব লাগে যাতে সহজতে চাফা কৰিব পাৰি । সামগ্ৰী থো‌ৱা টেমা, মেজ, মেছিনাৰিৰ অংশ আদি ধো‌ৱাৰ সুবন্দোবস্ত থাকিব লাগে ।
    8. সকলো সৰঞ্জাম চাফা কৰি ৰাখিব লাগিব, ধুব লাগিব, শুকু‌ৱাব লাগিব আৰু সামৰিব লাগিব যাতে তাত ভেঁকুৰ বা শেলু‌ৱৈ গজিব নো‌ৱাৰে ।
    9. যথাবিহিত পৰিদৰ্শণৰ সুবিধাৰ্থে সকলো সা-সৰঞ্জাম দে‌ৱালৰপৰা কিছু দূৰত আঁতৰাই ৰাখিব লাগিব ।
    10. প্ৰচেচিঙ আৰু প্ৰস্তুতকৰণত জড়িত কৰ্মীসকলে চাফা এপ্ৰোণ, হাতৰ মোজা আৰু মূৰৰ ঢাকনি ব্য‌ৱহাৰ কৰিব লাগিব ।
    11. হাত-মুখ ধো‌ৱা বেচিনৰ সুবিধাৰে হাত ধু‌ৱা আৰু শুকো‌ৱাৰ বন্দো‌ৱস্ত থাকিব লাগিব ।প্ৰয়োজন অনুসাৰে ঠাণ্ডা বা গৰম পানীৰ বেচিন থাকিব লাগিব ।
    12. কাম কৰিবৰ বাবে সোঁচৰা বেমাৰত ভুগি থকা কৰ্মীক অনুমতি দিব নালাগিব । যিকোনো কটা-ছিঙা ঘাঁ সকলো সময়তে ঢাকি ৰাখিব লাগিব আৰু খাদ্যত পোনপটিয়া সংযোগ হো‌ৱাৰপৰা বচাই ৰাখিব লাগিব ।
    13. খাদ্য চো‌ৱাচিতা কৰা সকলো লোকে নিজৰ নখ কাটিব লাগিব, আৰু কাম কৰাৰ আগতে হাত চাবোনেৰে ধুব লাগিব, লগতে শৌচ কৰাৰ পাছত প্ৰতিবাৰেই চাবুনেৰে হাত ধুব লাগিব । চলি বা শৰীৰৰ অন্য অংগৰ মুকলি সঞ্চালন বন্ধ কৰিব লাগিব ।
    14. বিশেষকৈ খাদ্য চো‌ৱাচিতাৰ সময়ত খো‌ৱা, চোবো‌ৱা, ধুম্ৰপাণ কৰা, ধুই পেলোি‌ৱা আৰু নাক-চাফা কৰা আদি কৰিব নালাগে ।
    15. সকলো খাদ্য যিবোৰ বিক্ৰীৰ বাবে সাজু হয় সেইবোৰক ঢাকোন দি থ'ব লাগে যাতে বেমাৰ সোঁচৰিব নো‌ৱাৰে ।
    16. নিৰামিষ আৰু আমিষ সামগ্ৰীসমূহ বেলেগকৈ ৰাখিব লাগে ।
    17. খাদ্য কঢ়িওৱাআ গাড়ীবোৰৰ মেৰামতি কৰিব লাগে আৰু চাফা কৰি ৰাখিব লাগে ।
    18. পেকেজ হৈ থকা খাদ্য যেতিয়া পৰিবহন কৰা হয়ে, তেতিয়া সঠিক উষ্ণতাত ৰাখিব লাগে ।
    19. পোক-পতংগ মৰা দৰ‌ৱ বা তেনে দৰ‌ৱ-পাতি বেলেগ ভা‌ৱে ৰাখিব লাগে আৰু খাদ্য উৎপাদন বা জমা কৰা বা চ‌ৱাচিতা কৰা ঠাইৰপৰা আঁতৰাই ৰাখিব লাগে ।
    20. ৰন্ধা বৰ্তনসমূহ চাফা কৰিব লাগে আৰু ভাল ভা‌ৱে কাম কৰিব পৰা হৈ থাকিব লাগে । এইবোৰ ভঙা বা টুকুৰা হো‌ৱা হ'ব নালাগে ।
    21. সকলো সৰঞ্জাম চাফা কৰি ৰাখিব লাগিব, ধুব লাগিব, শুকু‌ৱাব লাগিব আৰু সামৰিব লাগিব যাতে তাত ভেঁকুৰ বা শেলু‌ৱৈ গজিব নো‌ৱাৰে ।
    22. ৰখাব পৰা সুবিধা থকাৰ ওপৰিও চাফা কৰা, ধো‌ৱা আৰু খাদ্য প্ৰস্তুত কৰা তথা বিতৰণ কৰা ঠাইত পানী ৰাখিব লাগে ।