মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

খাদ্য সুৰক্ষাৰ বিষয়ে

  1. FDA (খাদ্য আৰু ঔষধ প্ৰশাসন) অসম হৈছে জনস্বাস্থ্য আৰু উপভোক্তা সুৰক্ষাৰ ক্ষেত্ৰত অসমৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান ।
  2. FDA, অসমৰ মূখ্য বিষয়া হৈছে সচিব যাৰ কাৰ্যালয় দিছপুৰ, গু‌ৱাহাটী-৬ ত অবস্থিত আৰু যাৰ অধীনত ঔষধ নিয়ন্ত্ৰণ অনুষ্ঠানসমূহে কাৰ্যনিবাহ কৰে ।
  3. ঔষধ নিয়ন্ত্ৰক, অসম আৰু যুটীয়া ঔষধ নিয়ন্ত্ৰক, অসম আৰু ঔষধ পৰিদৰ্শকৰ মুখ্য কাৰ্যালয় হেঙৰাবাৰী, গু‌ৱাহাটী-৩৬ত অৱ,স্থিত ।
  4. ৩(তিনি)জন সহকাৰী ঔষধ নিয়ন্ত্ৰকৰ মুখ্য কাৰ্যালয় ক্ৰমে ডিব্ৰুগড়, শিলচৰ আৰু কোকৰাঝাৰত অৱতস্থিত ।
  5. আঞ্চলিক পৰ্যায়ত মুঠ ৮(আঠ)জন জ্যেষ্ঠ ঔষধ পৰিদৰ্শক আছে । তেওঁলোকৰ মুখ্য কাৰ্যালয় আছে কামৰূপ(মেট্ৰো), নগাওঁ, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, ধুবুৰী আৰু কোকৰাঝাৰত ।
  6. মুঠ ২১(একৈশ)জন ঔষধ পৰিদৰ্শক আছে। তেওঁলোকৰ কাৰ্যালয় আছে কামৰূপ(মহানগৰ), কামৰূপ(গ্ৰাম্য), নগাওঁ, যোৰহাট, শি‌ৱসাগৰ, ডিব্ৰুগড়, লক্ষিমপুৰ, শোণিতপুৰ, ডিফু, শিলচৰ, কৰিমগঞ্জ, দৰং, নলবাৰী, বৰপেটা, গো‌ৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বাক্সা, চিৰাং, উদালগুৰি ।
  7. FDA,অসম প্ৰযুক্তিগতভা‌ৱে গুণ‌ৱান মানুহেৰে পৰিপূৰ্ণ যাৰ বাবে ঔষধ আৰু প্ৰসাধন আইন ১৯৪০ আৰু ঔষধ আৰু প্ৰসাধন আইন, ১৯৪৫ৰ সকলো বিধি পালন কৰাত গুৰুত্ব আৰোপ কৰা হয় যাতে জনস্বাস্থ্যৰ সুৰক্ষা আৰু সে‌ৱা বৰ্তি থাকে ।

দূৰদৃষ্টি - অসমৰ জনস্বাস্থ্যৰ সুৰক্ষা দিয়া আৰু উন্নয়নৰ ওকালতি কৰা ।

মিশ্যন - -ঔষধ আৰু প্ৰসাধন তথা চিকিৎসা সে‌ৱাৰ সা-সৰঞ্জামৰ সুৰক্ষা, উৎকৃষ্টতা আৰু গুণাগুণ অক্ষত ৰাখি জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষা দিয়া আৰু উন্নয়ন সাধন কৰা ।

কৰ্তৃপক্ষ - বিধিসন্মত প্ৰশাসন আৰু তেওঁলোকৰ কাম-কাজ:-

  • সচিব :- Hবিভাগ আৰু প্ৰশাসনৰ মূৰব্বী
  • ঔষধ নিয়ন্ত্ৰক , গু‌ৱাহাটী -৩৬, অসম – নিয়ন্ত্ৰক আৰু অনুজ্ঞাপ্ৰদানকাৰী কৰ্তৃপক্ষ
  • যুটীয়া ঔষধ নিয়ন্ত্ৰক (মুখ্য কাৰ্যালয়), গু‌ৱাহাটী -৩৬ - অনুজ্ঞা প্ৰদানকাৰী কৰ্তৃপক্ষ
  • ৩(তিনি ) অতিৰিক্ত ঔষধ নিয়ন্ত্ৰক , ডিব্ৰুগড় , শিলচৰ আৰু কোকৰাঝাৰত – ঔষধৰ খুচুৰা বিক্ৰীৰ ক্ষেত্তৰ অনুজ্ঞা প্ৰদানকাৰী কৰ্তৃপক্ষ ।

ৰাজ্যিক ঔষধ নিয়ন্ত্ৰণ প্ৰতিষ্ঠানৰ মূল কাম-কাজ হৈছে ঔষধ আৰু প্ৰসাধনৰ মান অক্ষুন্ন ৰাখিবৰ বাবে ঔষধ আৰু প্ৰসাধনৰ উৎপাদন, বিতৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰত নীতিগত নিয়ন্ত্ৰণ কৰা ।