মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

খাদ্য সুৰক্ষাৰ প্ৰাথমিক কথা

খাদ্য সুৰক্ষা হ'ল খাদ্য জনিত সকলো ৰোগৰ সম্ভাৱনা প্ৰতিহত কৰিব পৰাকৈ খাদ্যৰ প্ৰস্তুতকৰণ, অনা-নিয়া তথা মজুতকৰণ আদি সম্পৰ্কে বিশেষ ব্যাখ্যা সন্নিবিষ্ট বৈজ্ঞানিক বিষয়। এই প্ৰক্ৰিয়াত অনেক সচৰাচৰ পালনীয় নিয়মাৱলী থাকে, যিবোৰ গুৰুতৰ স্বাস্থ্যজনিত সমস্যাক দূৰত ৰাখিবৰ বাবে পালন কৰিব লগা হয়। সেইসূত্ৰেই, অনেক সময়তে খাদ্য সুৰক্ষা আৰু খাদ্য প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়বোৰ এককভাৱে চোৱা হয়, যাতে গ্ৰাহকসকলৰ কোনোধৰণৰ ক্ষতি হোৱাটো ৰোধ কৰিব পাৰি। এইক্ষেত্ৰত গুৰুত্ব দিবলগীয়া বিষয় হ'ল ঔদ্যোগ আৰু বজাৰৰ মাজৰ সুৰক্ষা আৰু বজাৰ আৰু গ্ৰাহকৰ মাজৰ সুৰক্ষা। ঔদ্যোগৰ পৰা বজাৰৰ মাজৰ প্ৰক্ৰিয়াসমূহৰ ক্ষেত্ৰত, খাদ্য সুৰক্ষা সম্পৰ্কীয় বিষয়সমূহে সামৰি লোৱা ক্ষেত্ৰসমূহ হ'ল – খাদ্যৰ উৎস তথা খাদ্যত লেবেল লগোৱাৰ কাৰ্য্য, খাদ্যৰ পৰিচ্ছন্নতা, খাদ্যত থকা সংযোজিত ৰাসায়নিক পদাৰ্থ তথা কীটনাশক পদাৰ্থৰ অৱশেষসমূহৰ লগতে খাদ্য আৰু জৈৱপ্ৰযুক্তি সম্পৰ্কীয় নীতিসমূহ, চৰকাৰীভাৱে আমদানি-ৰপ্তানিৰ পৰিদৰ্শন ব্যৱস্থাপনাৰ নিৰ্দেশাৱলী আৰু খাদ্যৰ প্ৰামাণিকৰণ ব্যৱস্থাৱলী। অন্যহাতে, বজাৰৰ পৰা গ্ৰাহকলৈ খাদ্য সৰবৰাহ হোৱাৰ সময়ছোৱাত মন কৰিবলগীয়া বিষয়সমূহ হ'ল – বজাৰত খাদ্য সুৰক্ষিত থকাৰ প্ৰয়োজনীয়তা আৰু খাদ্য যাতে সুৰক্ষিত ৰূপত প্ৰস্তুত হোৱাৰ লগতে সুৰক্ষিতভাৱে গ্ৰাহকৰ কাষ পায়গৈ, সেই দিশলৈ চকু দিয়া।

খাদ্যৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন এজনলৈ ৰওগ সৰবৰাহ হোৱাৰ উপৰিও খাদ্যই বেক্টেৰিয়াৰ বৃদ্ধিৰ মাধ্যম হিচাপে কাম কৰি খাদ্যৰ বিষক্ৰিয়াৰ দৰে অঘটন ঘটাব পাৰে। উন্নত দেশসমূহত খাদ্য প্ৰস্তুতকৰণৰ অতিকে নিখুঁত আৰু জটিল মান নিৰ্ধাৰণ কৰাৰ বিপৰীতে কম উন্নত দেশসমূহত খাদ্য সংক্ৰান্তীয় মুখ্য বিষয়টো হ'ল উপযুক্ত পৰিমাণৰ নিৰাপদ পানীৰ সুলভতা, যিটো সাধাৰণতে এক অতিশয় গুৰুত্বপূৰ্ণ বিষয়। তত্ব অনুসাৰে, খাদ্যৰ বিষক্ৰিয়া আচলতে প্ৰতিৰোধ কৰাটো ১০০% ই সম্ভৱ। খাদ্যৰ পৰিছন্নতাৰ পাঁচটা মুখ্য নীতি হ'ল:

  1. খাদ্যক মানুহ, পোহনীয়া জন্তু আৰু অপকাৰী জীৱৰ পৰা বিয়পি পৰা বীজাণুৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰা
  2. ৰন্ধা খাদ্যৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেঁচা আৰু ৰন্ধা খাদ্যক পৃথকে ৰখা
  3. বীজাণু নাশ কৰিবৰ বাবে খাদ্যক উপযুক্ত উষ্ণতাত উপযুক্ত সময়ৰ বাবে ৰন্ধা।
  4. উপযুক্ত উষ্ণতাত খাদ্য মজুত কৰা।
  5. নিৰাপদ পানী আৰু নিৰাপদ কেঁচা সামগ্ৰীৰ ব্যৱহাৰ অৱশ্যেই প্ৰয়োজনীয়।