মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

ৰাইজৰ জ্ঞাতাৰ্থে সজাগতামূলক তথ্য

  • সদায়ে এজন পঞ্জীকৃত চিকিৎসক বা ডাক্টৰৰ প্ৰেছক্ৰিপছনৰ বিপৰীতেহে ঔষধ কিনিব
  • ঔষধ কিনাৰ বাবদ সদায় কেছমেম'/ ইনভইচ বিচাৰিব
  • ঔষধ ক্ৰয়ৰ সময়ত সদায়ে ম্যাদ উকলাৰ দিন, তৈয়াৰ কৰাৰ তাৰিখ আৰু ঔষধৰ বেটছ নাম্বাৰ চাই ল'ব। ঔষধ ক্ৰয়ৰ বাবদ দিয়া ৰছিদত যাতে সেই সকলো তথ্য সঠিকভাৱে উল্লেখ থাকে সেয়া মন কৰিব।
  • নিজে নিজে ঔষধ নেখাব। ই বিপদজনক।
  • চিকিৎসকৰ পৰামৰ্শ অনুসাৰেহে এণ্টিবায়'টিকছ খাব। চিকিৎসকে দিয়া এণ্টিবায়টিকছৰ কৰ্ছ , অনুগ্ৰহ কৰি সম্পূৰ্ণ কৰিব। নিদান মতে দিয়া পৰিমাণ সম্পূৰ্ণ নকৰাকৈ মাজতে এণ্টিবায়টিক খোৱা বন্ধ কৰিলে, ইয়ে ৰোগ সৃষ্টিকাৰী অণুজীৱক তেনে ঔষধৰ প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে, যিটো ভৱিষ্যতে ৰোগীৰ বাবে মাৰাত্মক হ'ব পাৰে। পৰৱৰ্তী সময়ত তেনে ৰোগীৰ ক্ষেত্ৰত এণ্টিবায়'টিকছ ঔষধে কাম নিদিয়া হ'ব পাৰে।