মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

সফলতাসমূহ [ঔষধ নিয়ন্ত্ৰক]

সফলতাৰ খতিয়ান

  • দুজন [২] নিয়ন্ত্ৰক বিষয়াই শেহতীয়াকৈ এনআইবি, নইডা, নতুন দিল্লীত এক ১৫ [পোন্ধৰ] দিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছে আৰু কাৰ্য্যসূচীত সক্ৰিয় অংশগ্ৰহণৰ বাবে সমল ব্যক্তিসকলৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।
  • যুটীয়া ঔষধ নিয়ন্ত্ৰকে(মুখ্য কাৰ্য্যালয়) নতুন দিল্লীস্থ চিবিআইৰ মুখ্য কাৰ্য্যালয়ত, কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ' তথা নতুন দিল্লীস্থ ফৰাচী দূতাবাসৰ যৌথ উদ্যোগত আয়োজিত নকল(ভুৱা) ঔষধ বিষয়ক এক দুদিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰে।
  • যুটীয়া ঔষধ নিয়ন্ত্ৰকে (মুখ্য কাৰ্য্যালয়) নতুন দিল্লীত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা আয়োজিত "ভুৱা ঔষধ-ভুৱা ঔষধ নিয়ন্ত্ৰ্ণৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশাৱলী" শীৰ্ষক এক দুদিনীয়া আলোচনাচক্ৰ তথা কৰ্মশালাত অংশ লয়।
  • একেবাৰে শেহতীয়াকৈ ৰাজ্যত মুঠ ১৫ টা ঔষধ প্ৰস্তুতকৰণ গোটে তেওঁলোকৰ নতুন ঔষধ প্ৰস্তুতকৰণ কাৰখানা স্থাপন কৰিছে। বিভাগে এই গোটসমূহক অসমত নতুন গোট স্থাপন কৰা সহায় তথা দিহা-পৰামৰ্শ আগবঢ়াব পাৰে। এইক্ষেত্ৰত অভিলেখ সময়ত সমগ্ৰ পৰিদৰ্শন তথা অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে।
  • ২০১৭ চনৰ ৬ আৰু ৭ মে তাৰিখে, গুৱাহাটীৰ বেতকুছিৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত "এক্ট ইষ্ট পলিচী আৰু উত্তৰ-পূৱত ফাৰ্মাচিউটিকেল উদ্যোগৰ বিকাশ" শীৰ্ষক বিষয়ত উত্তৰ-পূৱ ফাৰ্মাচিউটিকেল সন্মিলন সফলভাৱে সম্পন্ন কৰা হয়। এই সন্মিলনত, সমগ্ৰ উত্তৰ-পূৱৰ ১০০০তকৈও অধিক প্ৰতিনিধিয়ে অংশ লয়। সমগ্ৰ দেশৰে প্ৰসিদ্ধ বিজ্ঞানী, শিক্ষাবিদ, বিদ্বান, প্ৰশাসনিক বিষয়া আদিয়ে ইয়াত উপস্থিত থাকে। সন্মিলনত ভাৰত চৰকাৰৰ ড'নাৰ মন্ত্ৰালয়ৰ সচিৱ তথা ফাৰ্মাচিউটিকেল বিভাগৰ প্ৰতিনিধিও উপস্থিত আছিল। সন্মিলনৰ স্থানীয় আয়োজক সমিতিৰ মুখ্য বিষয়ববীয়া হিচাপে থাকি ঔষধ নিয়ন্ত্ৰণ বিভাগৰ বিষয়াসকলে সন্মিলন সাফল্যমণ্ডিত কৰাৰ বাবে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।