মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

আইনী খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬

খাদ্য পঞ্জীয়ন লাভ কৰাৰ প্ৰক্ৰিয়া

পঞ্জীয়নৰ বাবে কিদৰে আবেদন কৰিব:

প্ৰত্যেক ক্ষুদ্ৰ খাদ্য ব্যৱসায়ীয়ে পঞ্জীয়ন কৰ্তৃপক্ষৰ ওচৰত: www.foodlicensing.fssai.gov.inথকা প্ৰ-পত্ৰ -ক পূৰণ কৰি অনলাইন যোগে পঞ্জীয়নৰ বাবে আবেদন কৰিব।

প্ৰত্যেক ক্ষুদ্ৰ খাদ্য প্ৰস্তুতকাৰীয়ে এই আইনৰ ১ নং অংশৰ ৪ৰ্থ অনুসূচীত থকা সকলো প্ৰাথমিক পৰিচ্ছন্নতা তথা সুৰক্ষাব্যৱস্থা মানি চলিব লাগিব আৰু পৰিশিষ্ট-১ ত উল্লেখ থকা ধৰণেৰে আবেদনৰ সতে এই সকলো নিয়ম মানি চলা বুলি এক স্ব-প্ৰত্যায়িত ঘোষণা দাখিল কৰিব লাগিব।

পৰিদৰ্শনৰ বাবে নিৰ্দেশ দিয়াৰ ক্ষেত্ৰত, ৩০ দিনৰ ভিতৰত ৪ৰ্থ অনুসূচীৰ ২য় অংশত উল্লেখ থকা অনুসৰি খাদ্য প্ৰস্তুত কৰা স্থানৰ সুৰক্ষা, পৰিচ্ছন্নতা তথা অনাময় ব্যৱস্থা সম্পৰ্কে সন্তুষ্ট হোৱাৰ পাছতহে পঞ্জীয়ন কৰ্তৃপক্ষই পঞ্জীয়ন প্ৰক্ৰিয়াত অনুমোদন জনাব।

আবেদনত খাদ্য ব্যৱসায়ীৰ নাম সম্পূৰ্ণ শুদ্ধকৈ, বৰফলা আখৰেৰে স্পষ্টভাৱে উল্লেখ থকা উচিত।

আবেদন সঠিকভাৱে জমা দিয়াৰ পাছত আবেদনৰ বিপৰীতে এক একক প্ৰসংগ নম্বৰ প্ৰদান কৰা হ'ব।

পঞ্জীয়নৰ মাচুল ট্ৰেজাৰী চালান যোগে, নিম্নোক্ত একাউণ্ট হেডৰ অধীনত জমা দিব লাগিব – "০২১০-চিকিৎসা আৰু জনস্বাস্থ্য-০৪ ১০৫"

"প্ৰাপ্ৰি স্বীকাৰ পত্ৰ বা Acknowledgment" আৰু "অনলাইন আবেদন পত্ৰ"ৰ প্ৰিণ্ট আউট উলিয়াই ল'ব।

এতিয়া এই আবেদন আনুষংগিক নথি, ট্ৰেজাৰী চালান সহ (নথিৰ তালিকা চাওক) এটা ফাইলত সংশ্লিষ্ট জিলাৰ স্বাস্থ্যসেৱা বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্য্যালয়ত গৈ জমা দিয়ক।