মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

নমুনা পৰীক্ষণ আৰু মাচুলৰ নিৰিখ

ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰ, বামুণীমৈদাম, গুৱাহাটী-২১, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰ

ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰে, নিমোক্ত পৰীক্ষাসম্পৰ্কীয় সেৱাসমূহ আগবঢ়ায়:

  1. খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬ তথা আনুষংগিক বিধিঅনুসৰি খাদ্য সামগ্ৰীৰ নমুনাৰ পৰীক্ষা
  2. ব্যুৰ' অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ মান অনুসাৰে খোৱা পানী আৰু বৰ্জ্য পানীৰ নমুনাৰ পৰীক্ষা

বিশ্লেষণ কৰা মানসমূহৰ বিশদ তথ্যৰ বাবে, অনুগ্ৰহ কৰি www.sphlassam.orgৱেবচাইটটি চাওক অথবা তলত উল্লেখ কৰা ধৰণে আমাৰ সংশ্লিষ্ট বিষয়াৰ সতে যোগাযোগ কৰক

ক্ৰ.নং.সেৱাৰ প্ৰকাৰসেৱা প্ৰদানৰ নিৰ্ধাৰিত সময়
খাদ্য সুৰক্ষা বিষয়াসকলে জমা দিয়া বিধিসন্মত নমুনাৰ পৰীক্ষা ১৪ কৰ্মদিন
খাদ্য সুৰক্ষা বিষয়াসকলে জমা দিয়া নিৰীক্ষণমূলক নমুনাৰ পৰীক্ষা ৫ কৰ্মদিন
খাদ্য সুৰক্ষা বিষয়াসকলে জমা দিয়া অ-নিৰীক্ষণমূলক নমুনাৰ পৰীক্ষা ১৪ কৰ্মদিন
অন্যান্য চৰকাৰী সংস্থাই জমা দিয়া নমুনাৰ পৰীক্ষা ১৪ কৰ্মদিন
ব্যক্তিগত ব্যৱসায়িক খাদ্য/পানীৰ নমুনাৰ পৰীক্ষা (নিয়মীয়া পৰিমাপক বা পেৰামিটাৰ সহ) ১০ কৰ্মদিন
ব্যক্তিগত ব্যৱসায়িক/অব্যৱসায়িক খাদ্য/পানীৰ নমুনাৰ পৰীক্ষা (অতিৰিক্ত পৰিমাপক বা পেৰামিটাৰ সহ)২০ কৰ্মদিন
ব্যক্তিগত নিয়মীয়া পৰিমাপৰ পৰীক্ষা১৫ কৰ্মদিন

খাদ্যসামগ্ৰীৰ নমুনাৰ পৰীক্ষাৰ মাচুল

যিকোনো চৰকাৰী নমুনাৰ বাবে কোনো মাচুলৰ দৰকাৰ নহয় যদিও বিভিন্ন খাদ্য সামগ্ৰীৰ নমুনাৰ নিৰ্ধাৰিত মাচুলসমূহ তলত দিয়া হ'ল:

ক্ৰ.নং.নমুনাৰ প্ৰকাৰমাচুলৰ হাৰ
খাদ্য নমুনা (ব্যৱসায়িক)১000.00
খাদ্য নমুনা (ব্যক্তিগত  অ-ব্যৱসায়িক)১00.00
পানী (ব্যৱসায়িক) 
(ক) ৰাসায়নিক পৰীক্ষা৩00.00
(খ) বেক্টেৰিয়'লজিকেল পৰীক্ষা২৫০.00
পানী (ব্যক্তিগত  অ-ব্যৱসায়িক) 
(ক) ৰাসায়নিক পৰীক্ষা১০০.00
খ) বেক্টেৰিয়'লজিকেল পৰীক্ষা৫০.00
খাদ্য সুৰক্ষা বিষয়াৰ পৰা পোৱা অনানুস্থানিক (নিৰীক্ষণ) নমুনা২৫০.00
শুল্ক কেন্দ্ৰৰ পৰা পোৱা আমদানিকৃত নমুনা৫000.00