ড্ৰাগছ আৰু কছমেটিকছ আইন, ১৯৪০, ড্ৰাগছ আৰু কছমেটিকছ অধিনিয়ম, ১৯৪৫ (চতুৰ্থ সংশোধনী, ২০১৫) | ঔষধ তথা প্ৰসাধন সামগ্ৰী বা কছমেটিকছৰ আমদানি, প্ৰস্তুতি, বিতৰণ তথা বিক্ৰয় প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰে। |
ঔষধ মূল্য নিয়ন্ত্ৰণ নিৰ্দেশনামা (ঔষধ মূল্য নিয়ন্ত্ৰণ সংশোধনী নিৰ্দেশ, ২০১৬) | প্ৰয়োজনীয় ঔষধ সমূহৰ সৰ্বাধিক মূল্য নিৰ্ধাৰণ কৰে। ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং প্ৰাধিকৰণৰ দ্বাৰা অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ ৩ নং ধাৰাৰ অধীনত সময়ে সময়ে ঘোষণা কৰা হয়। |
ড্ৰাগছ এণ্ড মেজিক ৰিমেডী (আপত্তিজনক বিজ্ঞাপন) আইন, ১৯৫৪ | ঔষধ বা অন্যান্য উপায়ৰ আশ্চৰ্য্যকৰ গুণ আছে বুলি দাবী কৰা বিজ্ঞাপন নিষিদ্ধ বুলি ঘোষণা কৰাৰ লগতে তেনে কাৰ্য্যক শাস্তিযোগ্য দোষ বুলি স্বীকৃতি দিয়ে |
নাৰ্কটিক ড্ৰাগ আৰু চাইক’ট্ৰপিক সামগ্ৰী আইন ১৯৮৫ | নাৰ্কটিক ঔষধ সম্পৰ্কীয় বিধি সমূহ নিৰ্ধাৰণ কৰাৰ লগতে এনে নাৰ্কটিক ঔষধ আৰু চাইক’ট্ৰ্পিক সামগ্ৰী সম্পৰ্কীয় কাৰ্য্যাৱলীক নিয়ন্ত্ৰণ কৰে। |