মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

অসম আয়ুক্তালয়ৰ ৰূপায়নকাৰী গাঁঠনি

অসম চৰকাৰৰ ২৯ এপ্ৰিল, ২০১৬ৰ HLA.৩৮৭/২০১৪/Pt./৭০ অধিসূচনা অনুসাৰে খাদ্য সুৰক্ষা আয়ুক্তালয় তথা ঔষধ নিয়ন্ত্ৰক সংস্থা দুয়োটাকে একেলগ কৰি, খাদ্য আৰু ঔষধ প্ৰশাসন (FDA) আয়ুক্তালয় গঠন কৰা হয়। অন্যহাতে, ২৯ এপ্ৰিল, ২০১৬ৰ HLA.৩৮৭/২০১৪/Pt./৭০-খ অধিসূচনা অনুসাৰে খাদ্য সুৰক্ষা আয়ুক্তালয়, অসম গঠন কৰা হয়। খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬ৰ ৩০ নং ধাৰাৰ অধীনত নিয়োগ কৰা খাদ্য সুৰক্ষা আয়ুক্তজন ৰাজ্যত খাদ্য সুৰক্ষা তথা মানসমূহৰ সঠিক আৰু কাৰ্য্যক্ষম ৰূপায়ন তথা উক্ত আইনৰ অধীনত নিৰ্ধাৰিত বিভিন্ন নীতি-নিৰ্দেশনা যথাযথভাৱে বলৱৎ কৰাৰ প্ৰতি দায়বদ্ধ।

খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬ আইনখনে মুঠ ৭ খন ভিন্ন ভিন্ন খাদ্য আইনক একেলগে সামৰি লৈছে। এই আইনৰ জৰিয়তেই, দেশত বিভিন্ন প্ৰকাৰৰ খাদ্য সামগ্ৰীৰ প্ৰস্তুতকৰণ, মজুতকৰণ, বিতৰণ, বিক্ৰী তথা ৰপ্তানিৰ ক্ষেত্ৰত বিজ্ঞানভিত্তিক মান নিৰ্ধাৰণৰ বাবে তথা ৰাজ্য আৰু কেন্দ্ৰত খাদ্যসামগ্ৰীৰ ব্যৱসায়ৰ সতে জড়িতসকলৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান তথা পঞ্জীয়ন নিয়মাৱলীৰ ব্যৱস্থাকৰাৰ লগতে সংশ্লিষ্ট আইনৰ নানা ধাৰাৰ ৰূপায়ন কল্পে ভাৰতীয় খাদ্য সুৰক্ষা তথা মানক প্ৰাধিকৰণ (FSSAI) স্থাপন কৰা হয়।

খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ অধীনত দুটা বিভাগ আছে, ক্ৰমে ৰূপায়নকাৰী বা এনফৰ্চমেণ্ট শাখা আৰু পৰীক্ষাগাৰ শাখা। ইয়াৰে এনফৰ্চমেণ্ট শাখাই, খাদ্য সুৰক্ষা আৰু মানক আইনৰ বিভিন্ন ধাৰা আৰু নিয়মসমূহৰ সঠিক বলবৎকৰণ, খাদ্য ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ পৰিদৰ্শন তথা আইন উলংঘা কৰা খাদ্যৰ ব্যৱসায়ৰ সতে জড়িত প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কাৰ্য্যব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা কৰাৰ লগতে সঠিক উপায় যেনে জৰিমনা বিহা, আইনী প্ৰক্ৰিয়াৰ পৰিচালনা তথা বিচাৰ প্ৰক্ৰিয়া আদিৰ জৰিয়তে এনে প্ৰক্ৰিয়াক সম্পূৰ্ণ কৰা আদিৰ দিশটো চোৱাৰ বিপৰীতে পৰীক্ষগাৰ শাখাই নিয়ামক খাদ্যৰ নমুনা, খাদ্য সুৰক্ষা বিষয়াই সংগ্ৰহ কৰা নিৰীক্ষণ নমুনা আদিৰ বিশ্লেষণ, পৰীক্ষা আদি সম্পন্ন কৰে।

জিলাসমূহত, খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬ৰ ৩৬ নং ধাৰা অনুসাৰে নিযুক্তি প্ৰাপ্ত নিৰ্দিষ্ট বিষয়াজনেই জিলাৰ খাদ্য সুৰক্ষা ব্যৱস্থাৰ ভাৰপ্ৰাপ্ত বিষয়া। জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়া বা খাদ্য সুৰক্ষা বিষয়াসকল খাদ্য সামগ্ৰীৰ প্ৰস্তুতকৰণ, ব্যৱস্থাপনা আদিৰ অনুজ্ঞাপ্ৰাপ্ত খাদ্য প্ৰতিষ্ঠানৰ পৰিদৰ্শন তথা পৰীক্ষাগাৰত বিশ্লেষণ কৰিবলগীয়া নমুনা সংগ্ৰহৰ প্ৰতি দায়বদ্ধ।