মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Commissionerate of Food & Drugs Administration

খাদ্য সুৰক্ষা,অসম

খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬ৰ ৰূপায়ন কল্পে তথা খাদ্য সামগ্ৰীৰ বিজ্ঞানসন্মত মান নিৰ্ধাৰণ আৰু এইবোৰৰ প্ৰস্তুতি, মজুতকৰণ, বিতৰণ, বিক্ৰী তথা ৰপ্তানি আদি দিশক নিয়ন্ত্ৰণৰ বাবে খাদ্য সুৰক্ষা আয়ুক্তৰ কাৰ্য্যালয় স্থাপন কৰা হৈছে। অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনত থকা সমগ্ৰ পিএফএ বিভাগ তথা খাদ্য বিশ্লেষণ কৰা পৰীক্ষাগাৰসমূহক ইতিমধ্যেই, ৫ আগষ্ট, ২০১১ ৰ পৰা অৰ্থাৎ খাদ্য সুৰক্ষা আৰু মানক আইন বলবৎ কৰাৰ পৰা খাদ্য সুৰক্ষা আয়ুক্তৰ নিয়ন্ত্ৰণাধীন কৰা হৈছে।

অসম চৰকাৰে, ২০১৬ চনৰ ২৯ এপ্ৰিল তাৰিখে জাৰী কৰা অধিসূচনা নং HLA.৩৮৭/২০১৪/Pt./৭০ অনুসাৰে, প্ৰস্তাৱিত খাদ্য সুৰক্ষা আয়ুক্তালয় তথা বৰ্তমানৰ ঔষধ নিয়ন্ত্ৰক, অসমৰ কাৰ্যালয় দুয়োটাকে একেলগ কৰি, যুটীয়াভাৱে খাদ্য আৰু ঔষধ প্ৰশাসন আয়ুক্তালয়, অসম গঠন কৰে। লগতে, ২৯ এপ্ৰিল, ২০১৬ তাৰিখৰে অধিসূচনা নং HLA.৩৮৭/২০১৪/Pt./৭০-বি অনুসাৰে খাদ্য আৰু ঔষধ প্ৰশাসন আয়ুক্তালয়ৰ অধীনত খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ কাৰ্য্যালয়টিও গঠন কৰে।

ৰাজ্য চৰকাৰে ইতিমধ্যে খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬ৰ ৩০ নং ধাৰাৰ অধীনত, এই আইনৰ ৩০২ নং ধাৰাই প্ৰদান কৰা ক্ষমতা তথা দায়িত্বসহ খাদ্য সুৰক্ষা আয়ুক্তক নিয়োগ কৰিছে। এই আইনৰ ৰূপায়নৰ পূৰ্বে, খাদ্য সুৰক্ষা সংস্থা অসমৰ স্বাস্থ্য সেৱা সঞ্চালকৰ নিয়ন্ত্ৰণাধীন আছিল, যাক খাদ্য ভেজালকৰণ প্ৰতিৰোধ আইন, ১৯৫৪ৰ অধীনত ৰাজ্যৰ খাদ্য (স্বাস্থ্য) প্ৰাধিকৰণ হিচাপে ঘোষণা কৰা হৈছে। খাদ্য সম্পৰ্কীয় মানসমূহভাৱে বলৱৎ কৰাৰ বাবে গঠিত সাংগঠনিক গাঁথনিটোত দুটা পৃথক বিভাগ ক্ৰমে পৰীক্ষাগাৰ বিভাগ আৰু বলৱৎকৰণ বিভাগ সন্নিৱিষ্ট হৈ আছিল। এই দুই বিভাগৰ পদসমূহ বৰ্তমানে প্ৰত্যাহাৰ কৰা খাদ্য ভেজালকৰণ প্ৰতিৰোধ আইন, ১৯৫৪ৰ অধীনত সৃষ্টি কৰা হৈছিল। সদ্যহতে, এই দুয়োটা বিভাগকে, খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬ৰ অধীনত সমূহ কাৰ্য্যাৱলী ৰূপায়নৰ বাবে একে ৰূপতে বাহাল ৰখা হৈছে।